তাৰাবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ দুজনক আটক

 02/10/2022 - 15:20
 
 
 
 
পূৱ বৰপেটাঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৰপেটা জিলাতো আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বুধবাৰে নিশা বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীব নেওগৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে  অভিযান চলাই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
 
প্ৰথমতে গোপন খবৰৰ ভিত্তিত ছাটাগাঁৱত অভিযান চলাই ২১ বছৰীয়া আজমত আলী নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে। আজমত আলীৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে। ধৃত আজমত আলীৰ ঘৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰী গাঁৱত বুলি জানিব পৰা গৈছে। আনহাতে ধৃত আজমত আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে নিশাই মাজদিয়া আৰক্ষীৰ সহযোগত তাৰাবাৰী আৰক্ষীয়ে অভিযান চলায় মাজদিয়াৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাহিদুল ইছলামৰ ঘৰত।
 
অভিযানকালত ২৪ বছৰীয়া জাহিদুল ইছলামক আটক কৰাৰ লগতে জাহিদুল ইছলামৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ধৃত আজমত আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ধৃত যুৱকজনৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, দুটা মোবাইল ফোন, নগদ টকা, মহিলাই ব্যৱহাৰ কৰা মানিবেগ এটা আৰক্ষীয়ে জব্দ কৰে। ধৃত যুৱক দুজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।