02/10/2022 - 17:43
in
নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে আনন্দ মিশ্ৰই আৰম্ভ কৰা যুঁজ আৰু স্বভাৱসুলভ হাঁহিৰে সকলোৰে সৈতে মিলি যাব পৰা তেওঁৰ গুণৰ বাবে অনেকৰ বাবে যে তেওঁ হিৰ’ হৈ পৰিছিল, তাত নিশ্চয় কাৰো দ্বিমত নাই। কিন্তু ২২ জানুৱাৰীৰ সন্ধিয়া সংঘটিত এনকাউণ্টাৰৰ ঘটনাই যেন সকলো সলনি কৰি পেলালে। নগাঁঁও আৰক্ষীৰ লগতে এই ঘটনাই দাগ লগালে আনন্দ মিশ্ৰৰ ওপৰতো।
ৰাজ্যৰ ভিতৰতে সৰ্বাধিক এনকাউণ্টাৰ সংঘটিত হোৱা নগাঁও আৰক্ষীৰ নেতৃত্ববাহক আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পূৰ্বৰ এনকাউণ্টাৰৰ ওপৰতো প্ৰশ্নচিহ্ন বহিল। আনহাতে বুধবাৰে চৰকাৰে গঠন কৰি দিয়া অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে এক সংবাদমেল সম্বোধন কৰে আনন্দ মিশ্ৰই। য’ত তেওঁ সেই প্ৰতিবেদনক লৈ কিছু অসন্তুষ্টি ব্যক্ত কৰাও পৰিলক্ষিত হয়।