02/11/2022 - 19:14
in
ধুবুৰীঃ এক ফেব্ৰুৱাৰী ২০২২ ৰ পৰা সমগ্ৰ জিলাৰ বিভিন্ন প্ৰান্তে প্ৰান্তে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকা ভিত্তিত কৰ্মচাৰীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এক ফেব্ৰুৱাৰীৰ পৰা সাত ফেব্ৰুৱাৰী লৈ প্ৰতিখন ব্লকে ব্লকে প্ৰতিবাদ সাব্যস্ত কৰিছিল পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে। আজি পুনৰ ধুবুৰী জিলাৰ ১১খন ব্লকৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত ঠিকা ভিত্তিক কৰ্মচাৰীয়ে ছয়দফীয়া দাবীৰে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীৰ ছয় দফিয়া দাবীসমূহ হৈছে,৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক, সকলো কৰ্মচাৰীৰ R. O. P.ৰ ব্যাৱস্থা কৰক, সকলো কৰ্মচাৰীৰৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক, চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক, যোগ্যতা অনুসৰি সকলো ঠিকা ভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰিক্ষা পাতি নিযুক্তি প্ৰদান কৰক, ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপৰ দাবী উত্থাপন কৰি আজি ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদত ঠিকা ভিত্তিত কৰ্মচাৰী সকলে হাতে হাতে প্লেকাৰ্ডলৈ বিভিন্ন শ্লোগানৰে এদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ইয়াৰ উপৰিও চৰকাৰক তেওঁ লোকৰ দাবীসমূহ অতিশীঘ্ৰেই সমাধান কৰিবলৈ কাতৰ আহ্বান জনালে প্ৰতিবাদকাৰীসকলে।