02/12/2022 - 15:37
in
নিউজ ডেস্কঃ কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালৰ মন্তব্য- পৰাজয় হ’ব বুলি গ’ম পাই অসমৰ (কংগ্ৰেছৰ পৰা পলৰীয়া)মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুোলন হেৰুৱাই ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে। শুকুৰবাৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক লৈ বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি শৰ্মাই কয় যে ”কেতিয়াবা আমি প্ৰমাণ বিচাৰিছো নেকি যে আপুনি ৰাজীৱ গান্ধীৰ পুত্ৰ”? মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছতেই কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰিছে। কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালে কয় যে ”পৰাজয় আগত দেখি অসমৰ (কংগ্ৰেছৰ পৰা পলৰীয়া) মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুোলন হেৰুৱাই পেলাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে। মোদীজীৰ নিষ্ঠা প্ৰাপ্তি কৰিবৰ বাবে নিজৰেই পুৰণি পাৰ্টীক গালি দিয়াটো আৱশ্যক।