02/13/2022 - 15:09
in
জামুগুৰিহাটঃ অসমৰ লোক সংস্কৃতিৰ এক এৰাব নোৱাৰা উপাদান হ'ল বিয়া নাম। এখন বিবাহৰ জোৰোণ আৰু বিয়াত মহিলাসকলে গোৱা এই বিয়ানামে বিবাহস্থলীত এক সুকীয়া মাদকতা প্ৰদান কৰে। কিন্তু সময়ৰ লগে লগে আমাৰ মাজৰ পৰা এই বিয়া নাম সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে।
অসমৰ লোক সংস্কৃতিৰ এই চহকী উপাদান বিয়া নাম সমূহ যাতে সময়ৰ সোঁতত হেৰাই যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিয়ানামৰ কৰ্মশালাত জামুগুৰিহাটৰ কিছু সংখ্যক মহিলাই এইদৰে বিয়া নাম প্ৰদৰ্শন কৰে। জামুগুৰিহাটৰ বাপুজী ভৱণত অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তিমদিনা এইদৰে মহিলা সকলে জাক জাক বিয়া নাম পৰিৱেশন কৰি অঞ্চলটো মুখৰ কৰি তোলা দেখিবলৈ পোৱা যায়।