বোকাজান: পথটোৰে বিগত সময়ত দুবাৰকৈ পাৰ হৈ গৈছিল এছিয়ান কাৰ ৰেলী৷ নামবৰ সংৰক্ষিত বনাঞ্চল আৰু গৰমপানী বন্যপ্ৰাণী উদ্যানৰ ঘন সেউজীয়াৰ মাজেৰে সৰ্পিল গতিৰে পথটোৱে পাৰ্বত্য জিলা কাৰ্বি আংলংক স্পৰ্শ কৰি সংযোগ কৰিছে চুবুৰীয়া নগালেণ্ড আৰু মণিপুৰক৷ অনুৰূপ ধৰণেৰেই পথটোৱে উত্তৰ পূৱক সংযোগ কৰিছে ম্যানমাৰ আৰু থাইলেণ্ডৰ লগত৷ এছিয়ান কাৰ ৰেলীৰ পাছতেই সংশ্লিষ্ট বিভাগে পথটোৰ কাষে কাষে এছিয়ান হাইৱে ১ ফলক লগোৱা পৰিলক্ষিত হৈছিল৷ আশা কৰা হৈছিল পৰিৱৰ্তন আহিব৷
বাণিজ্যিক আৰু উদ্যোগীকৰণৰ উত্তৰণৰ ক্ষেত্ৰত পথটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ কিন্তু সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হৈ সম্প্ৰতি পথটোৱে ল'লে জৰাজীৰ্ণ আৰু বিধ্বস্ত ৰূপ৷ এই পথটোৱই হৈছে বৰ্তমানৰ যাতায়াতৰ অনুপযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ নুমলীগড়ৰ পৰা আৰম্ভ হৈ নগালেণ্ডৰ মাজেৰে ম্যানমাৰৰ সীমান্তলৈকে বিস্তৃত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৰ্তমানৰ বিধ্বস্ত অৱস্থাই জ্বলা কলা খুৱাইছে সাধাৰণ লোক, ব্যৱসায়ী, ট্ৰাক-বাছ চালকৰ লগতে সকলোকে৷
বিগত চাৰি-পাঁচ বছৰৰ পৰা ক্ৰমশ ভাগিবলৈ ধৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নল'লে কৰ্তৃপক্ষই যাৰ ফলত বৰ্তমান পথটো এনে পৰ্যায় পালেগৈ যে নতুনকৈ নিৰ্মাণ নকৰিলে পথটো পাৰ হৈ যোৱা গোলাঘাট আৰু কাৰ্বি আংলংৰ কেইবাটাও অঞ্চল শীঘ্ৰেই কলীয়াপানীত পৰিণত হোৱাৰ লগতে চুবুৰীয়া নগালেণ্ড আৰু মণিপুৰৰ লগতো স্থলপথেৰে যোগাযোগ বিছিন্ন হৈ পৰিব৷
গোলাঘাট জিলাৰ ৰঙাজানৰ পৰা নামবৰ বনাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগেই ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপে শংকিত কৰি তোলে সকলোকে৷ কাৰণ পুখুৰী সদৃশ গাতৰ বাবে কেইবাবাৰো ইখনৰ ওপৰত সিখন গাড়ী বাগৰি পৰি দুৰ্ঘটনা হোৱাৰ লগতে কোনো কোনোৱে মৃত্যু পৰ্যন্ত আকোঁৱালি লবলগীয়া হৈছে৷ জৰুৰীকালীন ৰোগীক এতিয়া এই পথটোৰে চিকিৎসাৰ বাবে নিয়াতো দূৰূহ হৈ পৰিছে৷
আনকি জপৰাজান, বালিপথাৰ, লাহৰীজান আদিত পথত থকা বৃহৎ গাতত গাড়ী সোমাই যোৱাত প্ৰায়েই পথটোত বহুসময় ধৰি দীঘলীয়া যানজঁটৰ সৃষ্টি হৈ আহিছে৷ বহু সময়ত স্থানীয় ট্ৰাক মালিকসকলে নিজ খৰছত পথটোত সৃষ্টি হোৱা গাতসমূহ চেণ্ডগ্ৰেভেল, বল্ডাৰ আদি দি মেৰামতি কৰি আহিছে যদিও এজাক বৰষুণে সেইবোৰ উটুৱাই নিয়ে৷ বিশেষ সূত্ৰে জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে কোনো ধৰণৰ উপযুক্ত জৰীপ নকৰাকৈ মেৰামতিৰ বাবে দুবাৰকৈ নিবিদা দি ঠিকাদাৰক কামৰ আবণ্টন দিছিল যদিও মেৰামতিৰ বাবে পথটো উপযুক্ত নহয় বুলি জানিবলৈ দিয়াত আজিও হৈ উঠা নাই পথ নিৰ্মাণৰ কাম৷
আনহাতে একেই কদৰ্য ৰূপ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাঞ্জাৰ পৰা নগালেণ্ড সীমান্তৰ পুৰণা লাহৰীজানলৈকে৷ পথটোৰ মাজত বৃহৎ গাতে দৈনিক সৃষ্টি কৰি আহিছে দুৰ্ঘটনা৷ এই পথেৰেও দৈনিক শতাধিক মালবাহী ট্ৰাক আৰু নৈশবাছ চলাচল কৰে৷ কিন্ত্ত পথৰ বিধ্বস্ত ৰূপে সকলোকে চিন্তিত আৰু শংকিত কৰি তুলিছে৷ কাৰণ এনেকৈ থাকিলে গাড়ীটো বাদেই খোজ কঢ়াৰো অনুপযোগী হৈ পৰিব ৰাষ্ট্ৰীয় ঘাইপথটো৷ সেয়েহে সময় থাকোতেই যদি সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্মাণৰ ক্ষেত্ৰত তাৎক্ষণিক সিদ্ধান্ত নলয় তেন্তে আধুনিক জীৱনযাত্ৰাৰ উত্তৰণৰ অন্তৰায় হৈ পৰিব ঘাইপথ দুটা৷