02/14/2022 - 16:31
in
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ উত্তৰ পাৰত অৱস্থিত ব্ৰহ্মপুত্ৰ পাৰত ভূৰাগাঁৱৰ পৰা খাটবড়ীলৈ প্ৰায় ১৪ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কাৰ্য চলি আছে। স্থানীয় একাংশ লোকে বিভাগীয়ভাৱে নিৰ্দ্ধাৰণ কৰা মথাউৰি নিৰ্মাণৰ Alignment ৰ বিৰুদ্ধে বিভিন্ন অজুহাতত আনফালেদি মথাউৰি নিৰ্মাণৰ আহ্বান জনায় আহিছে যদিও আন একাংশই বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি নিৰ্দ্ধাৰিত স্থানেদি মথাউৰিটো নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰি আহিছে। আৰু আজি উক্ত স্থানত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা, লাহৰীঘাটৰ বিধায়ক ডা০ আছিল নাজাৰ। অঞ্চলটি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।