02/14/2022 - 17:14
in
টীয়কঃ আজি ভেলেণ্টাইন ডে'। প্ৰেমৰ এই বিশেষ দিনটোত নিজৰ আপোনজনৰ সৈতে কটাবলৈ যুৱক-যুৱতী সকলে ভিৰ কৰিছে বিভিন্ন পাৰ্ক, ৰেষ্টুৰেন্টত। প্ৰিয়জনক উপহাৰ দিবলৈ ভিৰ কৰিছে শ্বপিং ম’ল আদিত। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত টীয়কৰ কেইজনমান যুৱক।
যি সময়ত একাংশ যুৱ প্ৰজন্মৰ যুৱক-যুৱতীয়ে প্ৰেয়সীৰ লগত হোটেল ৰেষ্টুৰেন্ট পাৰ্কত নিৱিড় মূহুৰ্ত পাৰ কৰিছে তেনে সময়ত টীয়কৰ ৰন্টু ভূঞাৰ প্ৰচেষ্টাত, পাপু, লক্ষীনন্দন, ৰীতম, প্ৰশান্তহতে টীয়কৰ পদপথত বসবাস কৰা লোক সকলক দুপৰীয়াৰ আহাৰ বিতৰণ কৰে। সদৌ অসম ছাত্র সন্থাক প্ৰতিনিধিত্ব কৰা এই যুৱকসকলৰ প্ৰেমৰ দিনটোৰ এনে মহৎ কৰ্মই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।