02/14/2022 - 18:27
in
মাৰ্ঘেৰিটাঃ বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল আজি মাৰ্ঘেৰিটা। আজি আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি তথা পাহাৰপুৰ ৰাইজৰ সহযোগত মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জুৱেল আলি মালিকনাধীন ব্যক্তিগত চাহ-বাগিচাত নিয়োজিত ৩৩৩ টা পৰিয়ালক পৰিয়ালৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে।
উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা প্ৰায় দুই শতাধিক শ্ৰমিকে হাতে হাতে বিভিন্ন লেখা ফেষ্টুন লৈ পদযাত্ৰা কৰি আহি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, বিগত ২৬ বছৰ ধৰি বাগিছাখনত নিয়োজিত হৈ থকা শ্ৰমিকসকলক শেহতীয়াকৈ উচ্ছেদ কৰাৰ খবৰে হতাশগ্ৰস্ত কৰি তুলিছে। যাৰ ফলত আজি মাৰ্ঘেৰিটাত এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চাহ শ্ৰমিক সকলক সুৰক্ষাৰ দাবীৰে মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।