02/15/2022 - 16:13
in
অভয়াপুৰীঃ বঙাইগাঁও চহৰৰ মাজমজিয়াত দিন-দুপৰতে বৃহৎ চুৰিকাণ্ড। সদৰ চহৰখনৰ ২৩ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা। অমৰেন্দ্ৰ দাস নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দৰ্জাৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে চোৰৰ দল। তিনিটা গডৰেজ ভাঙি নগদ ৭০ হাজাৰ টকা আৰু বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ অলংকাৰ লৈ যায় চোৰে। বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহৰ সমীপতে সংঘটিত হয় এই ঘটনা। সম্প্ৰতি বিধায়ক গৰাকীৰ লগতে আৰক্ষীৰ দল এটাও উপস্থিত হৈছে ঘটনাস্থলীত। ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সদৰ চহৰখনত।