আজি মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাং

 02/16/2022 - 12:31
 
 
টীয়কঃ আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। আজি মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাঙক লৈ মিচিং ডেকা-গাভৰু, যুৱক-যুৱতী বোৱাৰীৰ মন উন্মনা। ঐনিতমৰ ধ্বনিত মুখৰিত এতিয়া ৰাজ্যৰ প্ৰতিটো মিচিং অধ্যুষিত অঞ্চল৷ ইয়াৰ ব্যতিক্ৰম নহয় টীয়কৰ জাঁজীমুখৰ মিচিং অধ্যুষিত অঞ্চল জপং গাঁও। মিচিং জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যসম্ভাৰো তৈয়াৰ কৰিছে লগে ভাগে তাৰ সমান্তৰালভাৱে ঐনিতমৰ ধ্বনিৰ সুৰৰ মাজে মাজে আড্ডা৷ হাঁহি-ধেমালিৰ মাজেৰে চেনেহৰ উৎসৱটিক আদৰাক লৈ সীমাহীন ব্যস্ততা সকলোৰে মাজত। এফালে পৰম্পৰাগত খাদ্যসম্ভাৰ আনফালে মুকলি পথাৰত গুমৰাং নৃত্যৰ উন্মাদনা। ঐনিতমৰ সুৰত কনেঙৰ মন আউলি-বাউলি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।