02/16/2022 - 15:19
in
গোৱালপাৰাঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বলাইখামাৰত অনুষ্ঠিত হয় ৫১২তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস।
সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা¸ সদৌ কোঁচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত, গোৱালপাৰা জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা¸ মহিলা সমিতি হাতোগাঁও আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ৫১২তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস। ইতিমধ্যে বিশ্ব মহাবীৰ চিলাৰায় দিৱসত উপস্থিত হৈছে কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গৰ লগতে বিভিন্ন জিলাৰ জিলা সমিতি আৰু মহিলা সমিতি।
আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বলাইখামাৰ ৰাজহুৱা খেলপথাৰ। আবেলি মুকলি সভা অনুষ্ঠিত হ’ব আৰু মুকলি সভাত অংশগ্ৰহণ কৰিব ভালে সংখ্যক গণ্যমান্য ব্যক্তি। জানিব পৰামতে মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মউখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দূধনৈৰ বিধায়ক যাদব স্বৰগাৰী, গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল, জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্যাকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি। সন্ধিয়া বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজলন কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।