02/16/2022 - 17:14
in
গহপুৰঃ পলাশ ফুলিছে শিমলু ফুলিছে উতলা হৈছে কনেঙৰ মন। ফাগুন মানেই অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। মিচিং জনগোষ্ঠীৰ অতিকৈ আপোন আলি আঃয়ে লৃগাং আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছে। তাকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীৰ লোকসকল উৎসৱটি আয়োজন কৰি উলহ-মালহেৰে তেওঁলোকৰ না না ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। তাৰ পৰিপেক্ষিতত গহপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে ওজাবৰাতো দেখা গৈছে লৃগাঙৰ আনন্দ-উল্লাস৷
ঢোলৰ তালে তালে গুমৰাগ নৃত্যত মতলীয়া হ’ল গাঁৱৰ ডেকা গাভৰু বুঢ়া মেঠা সকলোৱে৷ যিহেতু বিগত দুটা বছৰ ক’ভিড মহামাৰীৰ ফলত আলি আঃয়ে লৃগাঙ বা অন্যান্য উৎসৱ পাৰ্বন ইত্যাদি ৰাজ্যবাসীয়ে পালন কৰিব পৰা নাছিল কিন্তু ক্ৰমান্বয়ে ক’ভিড মহামাৰীৰ হ্ৰাস হোৱাত চৰকাৰে সকলো ক’ভিড নীতি ভংগ কৰাত এইবাৰ অতি উলহ-মালহেৰে পালন কৰিছে ভূমিপুত্ৰ মিছিং জনগোষ্ঠী সকলৰ বাপোতিসাহোন কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙ৷ এই বিশেষ উৎসৱটিত নৈ কাষৰীয়া ভূমিপুত্ৰ মিছিং জনগোষ্ঠীয় লোক সকলে পুৱাই পৰম্পৰাগত মাংগলিক অনুষ্ঠান পৰি ছাই আপং, পোৰাং আপিন আৰু গাহৰি মাংসৰ জুতি লৈ ঐনিতমৰ সুৰত বিলিন হৈ পৰে৷