02/16/2022 - 17:32
in
চাপৰঃ ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী আলুৰভূই পল্টন বজাৰত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। আলুৰভূই গাঁৱত অৱস্থিত পানী যোগান আঁচনিৰ কৰ্মৰত এজন শ্ৰমিকে নিশা গাঁৱৰ এজন নাবালক ল'ৰা তথা সষ্টম শ্ৰেনীৰ ছাত্ৰ এজনক মুখত সোপা দি নিচাযুক্ত দ্ৰব্যৰ সহায়ত সৰ্ম্পমাৰী পাহাৰত হাবিৰ ভিতৰত লৈ যায়। স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই শ্ৰমিকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত ৰাইজে পানী যোগান আঁচনিৰ কাৰ্যালয়ত উপস্থিত হৈ হুলস্থুল পৰিৱেশৰ সৃষ্টি হোৱাত আটাইকেইজন শ্ৰমিক আৱদ্ধ হৈ পৰে কাৰ্যালয়টোৰ ভিতৰত।
অৱশেষত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰি লৈ যায় শ্ৰমিককেইজনক। ইপিনে পানী যোগান আঁচনিটোত নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে যাৰ বাবে দ খাৱৈ তৈয়াৰ কৰিছে ঠিকাদাৰে। ৰাইজৰ অভিযোগ অনুসৰি উক্ত দ খাৱৈ যিমানে মাটি,শিল বালি দিয়ে কিন্তু ঠাইৰ ডোখৰ নিশাৰ ভিতৰত পুনৰ গাঁত হৈ থাকে। যাৰ বাবে বলিবিধান দি ঠাইখনৰ কাম সম্পূৰ্ণ কৰিব বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰাইজৰ এনে অন্ধ বিশ্বাস ফলত নিশাৰ পৰা ভয় আতংকৰ মাজেৰে কটায় শ্ৰমিক সকল। অন্ধ বিশ্বাস বাবে পৰিস্থিতি জটিল হৈ পৰে অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শাম কাটে।