হৃদয়বিদাৰক! বিয়া ঘৰত কুঁৱাত পৰি শিশু-মহিলাসহ ১৩ জনে হেৰুৱালে প্ৰাণ

 02/17/2022 - 13:13
 
 
নিউজ ডেস্কঃ বুধবাৰে নিশা উত্তৰ প্ৰদেশৰ পূব অংশৰ কুশীনগৰ জিলাত কুঁৱাত পৰি ১৩গৰাকী কিশোৰী-মহিলাৰ।কুশীনগৰৰ এখন গাঁৱত বিবাহ উদযাপনৰ সময়তে দুৰ্ভাগ্যক্ৰমে কুঁৱাত পৰি সাতগৰাকী মহিলা আৰু ছগৰাকী কিশোৰীসহ মুঠ তেৰজনৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত যুৱতীকেইগৰাকীৰ বয়স ২০-৩৫ বছৰৰ হোৱাৰ লগতে এবছৰীয়া এটি কেঁচুৱাও আছিল। তদন্তকাৰী বিষয়াসকলৰ মতে, বিয়াখনত মহিলা আৰু শিশুসকলে এটা পুৰণি কুঁৱা ঢাকি থোৱা এখন শ্লেবত বহি আছিল। শ্লেবখনে ওজন সহিব নোৱাৰি খহি পৰিছিল আৰু ইয়াৰ ওপৰত বহি থকাসকল কুঁৱাটোত পৰি গৈছিল।
 
তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ১৩ জন লোকক মৃত ঘোষণা কৰা হৈছিল। ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।গোৰ্খপুৰ অঞ্চলৰ এডিজি অখিল কুমাৰে কয় যে মৃত্যুৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। তেওঁ কয়, ‘কালি নিশা প্ৰায় ৮.৩০ বজাত কুশীনগৰৰ নেবুয়া নৌৰংগিয়াত বিবাহ কাৰ্যসূচীৰ সময়ত কিছুমান লোকে কুঁৱা ঢাকি থকা শ্লেবত বহি থকাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। শ্লেবখনে ভৰ সহিব নোৱাৰি ভাঙি গৈছিল।’ঘটনাটোত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।