02/17/2022 - 13:34
in
নিউজ ডেস্কঃ শােণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ’লমাৰী গাঁৱত এক শিহৰণকাৰী ঘটনা। ঢেকিয়াজুলিৰ শ’লমাৰী গাঁৱৰ ৰেণু মাঝিয়ে বাঘৰ সৈতে প্ৰায় আঢ়ৈঘণ্টা সময় ধৰি একেটা কোঠাতে আবদ্ধ হৈ পৰিল। ঢেকিয়াজুলি শ’লমাৰী গাঁৱত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ প্ৰৱেশ কৰি বাঘটোৱে চুৰেণ ওৰাং নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিল। ৰেণু মাঝি নামৰ কিশোৰীগৰাকীও উক্ত কোঠাটোতে আৱদ্ধ হৈ পৰিছিল।
কিন্তু ৰেণু মাঝি উক্ত কোঠাটোত আবদ্ধ হোৱাৰ কথা কোনেও গম পোৱা নাছিল। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘটোৰ সৈতে একেটা কোঠাতে অতিবাহিত কৰাৰ পিছত ৰেণু মাঝিয়ে নিজৰ ফোন যোগে একেটা কোঠাতে বাঘ আৰু ৰেণু মাঝি আবদ্ধ হৈ থকাৰ সমগ্ৰ ঘটনা আত্মীয়ক জনোৱাত এক হুৱা-দুৱাৰ পৰৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজ তথা ঘৰৰ অভিভাৱক চুৰেণ ওৰাঙে এডাল জখলাৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।