কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী হাইস্কুলত নিশা চোৰৰ চাফাই অভিযান

 02/17/2022 - 15:05
 
 
বাইহাটা চাৰিআলিঃ কমলপুৰত নিশা বিদ্যালয়ত চোৰৰ চাফাই অভিযান। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী হাইস্কুলত চোৰে চলালে এই চাফাই অভিযান। বিদ্যালয় গৃহৰ তলা ভাঙি চোৰে নিলে কম্পিউটাৰৰ প্ৰিন্টাৰ, চিলিং ফেনৰ লগতে পানীৰ মেচিন। কেইবছৰমান আগতেও চোৰে চাফাই অভিযান চলাই বহু সামগ্ৰী চুৰি কৰি নিয়াৰ কথা উল্লেখ কৰে শিক্ষক কৰ্মচাৰীসকলে। ইয়াৰোপৰি নিশা হ’লেই বিভিন্ন অসামাজিক কাম চলে বুলিও অভিযোগ আনিছে শিক্ষকসকলে। পুৱা বিদ্যালয়লৈ আহি বিদ্যালয়ৰ বাৰান্দাত পৰি থকা মদৰ খালী বটলসমূহ শিক্ষকসকলে পেলাব লাগে বুলিও উল্লেখ কৰে। সেয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা বিদ্যালয়খনৰ চাৰিওফালে পকী বেৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।