02/17/2022 - 15:21
in
নিউজ ডেস্কঃ অসমৰ সংস্কৃতি, ঐতিহ্যৰ পৰিপন্থী নামৰ স্থানসমূহৰ নাম সলনি কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে শীঘ্ৰে এটা পৰ্টে’ল মুকলি কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্ক। এনে বিতৰ্কৰ মাজতে গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছে এক বিজ্ঞাপন। ১৪ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এই বিজ্ঞাপনত কোৱা হৈছে মালিগাঁৱৰ পৰা কামাখ্যালৈ যোৱা পথটো মুক্তানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।