02/17/2022 - 15:59
in
সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰত আজি অসম চৰকাৰৰ অভিলাসী আঁচনি অধীনত গোলাঘাট জিলা পৰিবহন বিভাগৰ উদ্যোগত বিনামূলীয়া ড্ৰাইভিং প্ৰশিক্ষণ শিবিৰ মুকলি কৰে। বৰপথাৰৰ পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত সভাত স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক ড্ৰাইভিং লাইচেন্সৰ ৪৫ দিনীয়া প্ৰশিক্ষণৰ শিবিৰৰ শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে।
আনহাতে উক্ত শিবিৰটোত প্ৰায় শতাধিক যুৱক-যুৱতীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বিধায়ক গৰাকীয়ে প্ৰশিক্ষণ শিবিৰটো মুকলি কৰি সংবাদ মাধ্যমৰ আগত কয় যে সকলো দিশতে অসমৰ যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ অৰ্থে চৰকাৰে বিভিন্ন আঁচনি যুগুত কৰিছে তাৰে অংশস্বৰূপে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। আনহাতে ৪৫ দিনৰ পাছতেই প্ৰশিক্ষাৰ্থী সকলে লাইচেন্সৰ পাব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে।