অহা ৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন, ন-ন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত বিভিন্ন দলৰ প্ৰাৰ্থীসকল

 02/22/2022 - 15:36
 
 
লক্ষীপুৰঃ অহা ৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন। প্ৰতিটো ৱাৰ্ডত ন-ন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত বিভিন্ন দলৰ প্ৰাৰ্থীসকল। গোৱালপাৰা জিলাৰ লক্ষীপুৰ পৌৰসভাত এই বেলি দহটা ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ ২৪গৰাকী প্ৰাৰ্থী। কিন্তু বিগত নিৰ্বাচনৰ পিছত কি পালে লক্ষীপুৰ পৌৰসভাৰ ১০ নং খাকিলামাৰি ৱাৰ্ডৰ বাসিন্দাই বিশুদ্ধ খোৱা পানীৰ অভাৱ, বাট-পথ আদি একুৰি সমস্যা ৱাৰ্ডটোত।
 
অতিকৈ পিছপৰা এই ৱাৰ্ডটোত ৰাইজৰ সমস্যা সমাধানৰ বাবে বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা উক্ত ৱাৰ্ডৰ পৰেশ দাসে যথেষ্ট তৎপৰ হোৱা দেখা গৈছে আৰু ৰাইজক আশ্বাস দিছে জয়ী হোৱাৰ পিছত কমদিনৰ ভিতৰতে সমস্যাবোৰ সমাধান কৰিব। নিৰ্বাচনৰ আগত প্ৰত্যকজন প্ৰাৰ্থীয়ে প্ৰতিশ্ৰুতি দিয়ে বাস্তৱত কিমানখিনি সমস্যা সমাধান কৰিব পাৰিব সেয়া সময়ত হে হ'ব লক্ষ্যণীয়?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।