কামৰূপত ড্ৰাগছ পেদলাৰক হাতে লোতে ধৰিলে ৰাইজে: দদৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা

 06/07/2019 - 14:04

গুৱাহাটী: কামৰূপৰ পছৰীয়াৰ বৰীজনীত উত্তেজনা। এজন ড্ৰাগছ পেদলাৰক হাতে লোতে ধৰিলে ৰাইজে। ৰাজা আলী নামৰ এই ড্ৰাগছ পেডলাৰজনে দীৰ্ঘদিনৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল। পিছে ৰাইজৰ হাতত আটক হোৱাৰ পিছত আঁঠু কঢ়াই ৰাজহুৱা শাস্তি প্ৰদান কৰে ৰাইজে। লগতে ড্ৰাগছ সৰবৰাহ নকৰিবলৈ সকীয়নী দিয়ে ৰাইজে। কান্দি কান্দি হাত যোৰ কৰি ড্ৰাগছ সৰবৰাহকাৰীজনে কাকূটি মিনতি কৰি এনে কাম নকৰো বুলি প্ৰতিশ্ৰুতি দিয়ে।

নবপ্ৰজন্মক তিলতিলকৈ মৃত্যু মুখলৈ গতি কৰা এই মাৰাত্মক ড্ৰাগছ এতিয়া সকলোতে উপলব্ধ। উত্তৰ কামৰূপত ড্ৰাগছৰ বৃহৎ প্ৰচলন। টকা দিলেই ঘৰৰ পদূলিমুখত ড্ৰাগছ পেদলাৰে দি যায় ড্ৰাগছ। এই ড্ৰাগছ সেৱন কৰি ধ্বংস হৈছে যুৱ প্ৰজন্ম। ঘটনাস্থলীত দদৰা আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা যুৱকজনক উদ্ধাৰ কৰে। বৰ্তমান দদৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।