02/24/2022 - 14:08
in
বাইহাটা চাৰিআলিঃ কামৰূপৰ বেজেৰাত মাছ পালন সম্পৰ্কে সজাগতা সভা। মৎস পালনেৰে নিবনুৱাৰ স্বাবলম্বিতাৰ পথ হ’ব পাৰে বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পিছতে মাছ পালকৰ মাজত সজাগতা আৰু প্ৰশিক্ষণৰ অনুষ্ঠিত কৰে মীন বিভাগে। কিষাণ মৰ্চাৰ ৰাজ্যক উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত পাঁচখন জিলাৰ দুই শতাধিক মৎস পালকে অংশগ্ৰহণ কৰে। মাছ পালনেৰে কিদৰে আত্মসংস্থাপন পাব পাৰি, কিদৰে মাছৰ বজাৰ দখল কৰিব পাৰি ইত্যাদি বিষয় সমল ব্যক্তি সকলে পৰামৰ্শ দিয়ে প্ৰশিক্ষাৰ্থী সকলক ।