ৰঙিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

 02/24/2022 - 17:34

 


ৰঙিয়াঃ "ভাৰতৰ স্বাধীনতাৰ সময়ত ৰাজনৈতিক দলৰ ভূমিকা" মূল উদ্দেশ্যে আছিল আলোচনা চক্ৰখনত। ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত অতিথিৰ মাজত প্ৰশ্নোত্তৰ ব্যৱস্থাৰ মাজেৰে উঠি অহা প্ৰজন্মক ইতিহাসৰ বিষয়ে জ্ঞান দিয়া হয় আলোচনা আলোচনা চক্ৰখনত। ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ উদ্যোগত আয়োজিত এই তত্ত্বগধুৰ আলোচনা চক্ৰত ৰঙিয়া মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰদীপ ঠাকুৰীয়া। ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়া, ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যপিকা ৰানু চৌধুৰী আদিকে ধৰি ৰঙিয়া মহাবিদ্যালয়ৰ বহু কেইগৰাকী প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।