সৰুপথাৰঃ ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখা গৈছে নিৰ্বাচনী গৰম বতাহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। দুয়োখন পৌৰসভাতে মুঠ 52 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে। ইপিনে বিজেপি আৰু মিত্ৰ দল অগপৰ নিৰ্বাচনী প্ৰচাৰৰ তুলনাত নিস্তেজ দেখা গৈছে বাকী দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ।
সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত দুয়োখন পৌৰসভাতে দেখা গৈছে যুদ্ধ কালীন নিৰ্বাচনী প্ৰচাৰ। বিভিন্ন সমস্যা থকা পৌৰসভা দুখনত ৰাইজৰ কাষ চাপি সমস্যাসমূহ সমাধান তথা পৌৰসভা দুখনৰ দ্ৰুত উন্নয়নৰ বাবে বিজেপি তথা মিত্ৰদল অগপৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনাইছে স্থানীয় বিধায়ক গৰাকীয়ে। ইপিনে আজি সাংসদ কামাখ্যা প্ৰসাদ তাচাই বিশেষভাৱে সৰুপথাৰ পৌৰসভাৰ বহুকেইটা ৱাৰ্ডৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা দেখা গ'ল।
উল্লেখ্য যে সাংসদগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানতে বহুকেইজন ব্যক্তিয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইপিনে বৰপথাৰ আৰু সৰুপথাৰ দুয়োখন পৌৰসভাৰ 52 টা ৱাৰ্ডেই বিজেপি মিত্ৰজোটে দখল কৰাৰ লগতে আন আন ৰাজনৈতিক দল সমূহ বেনাৰ পোষ্টাৰতে সীমাবদ্ধ থাকিব বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে। আনহাতে স্থানীয় বিধায়ক জনে প্ৰকাশ কৰিছে যে আগন্তুক 2024 চনৰ ভিতৰত এই দুয়োখন পৌৰসভা অসমৰ 10 খন আটক ধুনীয়া পৌৰসভাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হব।