মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ তেল জব্দ

 02/25/2022 - 16:59

 

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস, মাৰ্ঘেৰিটা আৰক্ষী বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু ডিগবৈ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলাই প্ৰায় ৫০০০ লিটাৰ ডিজেল তেল জব্দ কৰিবলৈ সক্ষম হয়।

 

উল্লেখ্য যে এই তেলৰ বৃহৎ চিণ্ডিকেটৰ লগত জড়িত মাৰ্ঘেৰিটাৰ পাৱৈ চেন্টাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দিলিপ শিং আৰু ভগৱান সাহে দীৰ্ঘদিন হৈ চোৰাং ডিজেল সংগ্ৰহ কৰি অবৈধ ব্যৱসায়ৰ এক বৃহৎ চিণ্ডিকেত চলাই আছিল।

 

আৰক্ষীৰ ভাষ্যমতে চাৰিখন জগাৰ পৰা মোট ২৫০ লিটাৰৰ ১৬খন ড্ৰাম আৰু বহু কেইটা তেলৰ গিলান জব্দ কৰে আৰু এই তেলৰ বজাৰ মূল্য প্ৰায় ৫লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে। বৰ্তমান ইয়াৰ লগত জ্বৰিত তেল মাফিয়া দিলিপ শিং আৰু ভগৱান সাহে পলাতক হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।