02/25/2022 - 17:57
in
লক্ষীপুৰঃ ২০২২ চনৰ পৌৰসভা নিৰ্বাচনী কেন্দ্রিক প্ৰচাৰ অভিযান চলোৱাৰ বাবে লক্ষীপুৰত উপস্থিত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। লক্ষীপুৰ পৌৰসভাৰ ১০ খন ৱাৰ্ডেই দখলৰ লক্ষ্য বিজেপিৰ। পৌৰসভা নিৰ্বাচনক লৈ লক্ষীপুৰ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টাৰে ৱাৰ্ডে ৱাৰ্ডে সঘনাই বিজেপিয়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। এইবেলি দহটা ৱাৰ্ডেৰে গঠিত লক্ষীপুৰ পৌৰসভা বিগত সময়ছোৱাত কংগ্ৰেছে শাসন চলাইছিল যদিও এইবেলি লক্ষীপুৰ পৌৰসভা উদ্ধাৰত নামি পৰিছে শাসকীয় বিজেপি দলে।
যাৰ বাবে গোৱালপাৰা জিলা বিজেপিৰ কৰ্মকৰ্তাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কৰ্তব্যৰক্ষী তদাৰকী বিষয়া তথা বৰ্তমানৰ APDCLৰ সঞ্চালক ডঃ প্ৰকাশ কাশ্যপে দিনে নিশাই ব্যস্ত হৈ পৰি পৌৰসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ।