02/27/2022 - 13:47
in
খাৰুপেটীয়াঃ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিৱ ভক্তক আদৰিবলৈ দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়া দলগাঁও সমষ্টিৰ ১ নং মাধৱগোঁহাইৰ এশ বছৰৰো অধিক পুৰণি ৰজাদিনীয়া শিৱমন্দিৰত পূৰ্ণ গতিত চলিছে প্ৰস্তুতিৰ কাম। ১ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব এই শিৱৰাত্ৰি পূজা৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম ঘটে এই এশ বছৰ পুৰণি ৰজাদিনীয়া শিৱ মন্দিৰত৷ মন্দিৰ পৰিচালনা সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে৷