নগৰবেৰাঃ ৰাজ্যত চৰকাৰ পৰিৱৰ্তন হ’লেও পৰিৱৰ্তন নহল কৃষকৰ সমস্যাৰ। কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ কৃষি বিভাগটো দালাল মধ্যভোগীয়ে গ্ৰাস কৰি ৰখাত সীমাহীন বিলাই বিপত্তিত আছিল কৃষকসকল। আজিও কৃষকৰ সেই একেই দশা। বিজেপি চৰকাৰৰ দিনতো দালাল মধ্যভোগীৰ উপৰিও অসাধু ব্যৱসায়ীয়ে নিয়ন্ত্ৰণ কৰিছে কৃষি বিভাগৰ অধীনস্থ বীজ নিগমক। কৃষি বিভাগৰ নিয়ন্ত্ৰণ নথকাৰ বাবেই ৰাজ্যৰ হাট বজাৰত অসাধু ব্যৱসায়ী চক্ৰই অবাধে বিক্ৰী কৰিছে নকল বীজ। এনে নকল তথা ভেজাল বীজ ক্ৰয় কৰি মূৰেকপালে হাত দিছে টুপামাৰীৰ শতাধিক কৃষকে।
অভিযোগ উঠিছে বীজ ব্যৱসায়ী হাছেন আলী, ছাইনুল ইছলামকে ধৰি কেবাজন ব্যৱসায়ীৰ বিৰুদ্ধে। অধিক উৎপাদনৰ আশাত দৰিদ্ৰ কৃষক সকলে হীৰা-২ বীজ ক্ৰয় কৰি এতিয়া সৰ্বস্বান্ত টুপামাৰীৰ শতাধিক কৃষক পৰিয়াল। এবিঘা দুবিঘা নহয়, প্ৰায় এহেজাৰ বিঘা ধানখেতিত ধানৰ সলনি ওলাইছে ১০০ শতাংশ পতান। মহাজনৰ পৰা ঋণ লোৱাৰ লগতে একাংশই ঘৰৰ গৰু ছাগলী বিক্ৰী কৰা ধানখেতিত পতান দেখি মূৰেকপালে হাত দিছে দৰিদ্ৰ কৃষকে। হতাশাত ভাগি পৰিছে কৃষকসকল।
অকল হাছেন আলী আৰু ছাইনুল ইছলামেই নহয়, নগৰবেৰাৰ বিভিন্ন হাট বজাৰত এটা বৃহৎ চক্ৰই যোগান ধৰি আহিছে এনে বীজ। আমাৰ অনুসন্ধানৰ তথ্য মতে নগৰবেৰা বজাৰৰ দুগৰাকী ব্যৱসায়ীয়ে এনে ভেজাল তথা নকল বীজ যোগান ধৰি অহাৰ অভিযোগ উঠিছে। অভিযোগ মতে দুয়োজন ব্যৱসায়ীৰ গুদামত সাধাৰণ বীজ বিভিন্ন কোম্পানীৰ লেবেল থকা পেকেটত পেকেজিং কৰি মেলি দিয়া হয় বজাৰত। প্ৰভাৱশালী ব্যৱসায়ীৰ বিৰুদ্ধে মুখ খোলাৰ সাহস পোৱা নাই দৰিদ্ৰ কৃষকৰ।ইপিনে কিছুদিন পূৰ্বে নগৰবেৰাৰ পিজুপাৰাত সংঘটিত অনুৰূপ ঘটনা সন্দৰ্ভত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসক অৱগত কৰোৱাৰ পিছতো ফলাফল শূন্য। ভুক্তভোগী কৃষকৰ অভিযোগৰ ভিত্তিত চক্ৰ বিষয়াই ব্যৱসায়ীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক। কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰিয়েই অসাধু ব্যৱসায় চলাই আহিছে চক্ৰটোৱে। এনে ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস হ’বনে কৃষি মন্ত্ৰী অতুল বৰাৰ?