নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাৰ পৰা কোচবিহাৰলৈ যি ঠাইতে ৰাতি কটাইছিল সেই ঠাইতে নামঘৰ নিৰ্মাণ কৰিব অসম চৰকাৰে। নাহৰকটীয়াৰ চাচনী, কলিয়াপানী আৰু ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশ লৈ দেওবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ স্থাপন কৰাৰ অৰ্থে বৰদোৱাৰ পৰা আৰম্ভ কৰি কোচবিহাৰলৈ যি ঠাইতে গুৰুজনাই এনিশা হলেও পাৰ কৰিছিল, সেই ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ্থে বৰদোৱাৰ পৰা গুৰুজনাই থকা প্ৰতিটো স্থান সামৰি কোচবিহাৰ পৰ্যন্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱা প্ৰৱৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দা-দৰমহাৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বছৰি ৬ কোটিকৈ টকা আবণ্টন দিয়াৰ বিষয়েও ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনায় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।