জামুগুৰিহাটত মহিলা-যুৱতীৰ দ্বাৰা জলযাত্ৰা

 02/28/2022 - 15:13

 

জামুগুৰিহাটঃ কাইলৈ শিৱ চতুৰ্দশী উপলক্ষে জামুগুৰিহাটত আজি মহিলা-যুৱতীৰ দ্বাৰা ডেকাসুন্দৰ নামঘৰৰ পৰা জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰলৈ ভৰলী নৈৰ পানী লৈ জলযাত্রা কৰে৷ জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু শিৱৰাত্ৰি উদযাপনৰ লগত সংগতি ৰাখি উলিওৱা এই জলযাত্ৰাত ১৫১ গৰাকী মহিলা-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ১৯৮৬ চনতে স্থাপিত জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰৰ শিৱলিংগ এই জলৰে স্নান কৰাই বস্ত্ৰ পৰিধান কৰাই কাইলৈ বহুকেইটা কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হ’ব এই শিৱ মন্দিৰত৷ উল্লেখ্য যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে উপাসনাৰ মূল কেন্দ্র হিচাপে প্ৰতিষ্ঠা লাভ কৰা তথা ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষত মন্দিৰভাগ পুণৰ নিৰ্মাণ কৰি পুণ:প্ৰতিষ্ঠা কৰা হৈছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।