জামুগুৰিহাটৰ টেঙাবস্তিত শিৱ মহাপূৰাণ পাঠ অনুষ্ঠান

 02/28/2022 - 19:49

 

 

 জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ১ নং টেঙাবস্তি হাৱা বজাৰ শিৱ মন্দিৰ প্ৰাঙ্গণত বিশ্বনাথ জিলা হিন্দু জাগৰণ মঞ্চৰ  উদ্যোগত আজি অনুষ্ঠিত হয় শিৱ মহাপূৰাণ পাঠ৷ বৃহত্তৰ ১নং টেঙাবস্তি, গুটিবাৰী, বালিজুৰি আৰু জয়সিদ্ধিবাসী ৰাইজৰ সহযোগত সাৰ্বজননীনভাৱে এই শিৱ মহপূৰাণ পাঠ অনুষ্ঠিত কৰা হয়৷

 

দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত এই শিৱ মহাপুৰাণ পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- এনেধৰণৰ অনুষ্ঠানে ৰাইজৰ মাজত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠী ৰাইজৰ মাজত সদভাৱ সৃষ্টি কৰিব৷ এই অনুষ্ঠানৰ জৰিয়তে সকলো শ্ৰেণী ৰাইজৰ মাজত শান্তি সম্প্ৰতি গঢ়লৈ উঠক বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷

 

শিৱ মহাপূৰাণ পাঠ অনুষ্ঠানত শ শ ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়৷ পৱিত্ৰ অনুষ্ঠানটিত উপস্থিত থাকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। এই উপলক্ষে দেওবাৰে পুৱা জলযাত্ৰা কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।