03/01/2022 - 14:31
in
গৌৰীপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰতো তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছ মহা শিৱৰাত্ৰি৷ আজি প্ৰথম দিনা খুদিমাৰী অঞ্চলৰ এই ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ঢেলখোৱা এই মন্দিৰ প্ৰাংগনত প্ৰায় পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। তাৰ পাছতে ভক্তপ্ৰাণ ৰাইজে অঞ্চলটোত এক শোভাযাত্ৰা উলিয়াই। উল্লেখ্য যে, ১৮৫৩ চনত ৰূপছীৰ জমিদাৰ জগদ্বীনন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে এই মন্দিৰটো স্থাপন কৰা বুলি জনাজাত। শ্ৰী শ্ৰী ঢেলখোৱা শিৱ মন্দিৰটোৰ আছে বহু ইতিহাস। যাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে এই মন্দিৰটোত শ শ ভক্তৰ সমাগম ঘটি আহিছে। আজি পুৱাৰ পৰা ভক্তসকলে ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনাত আগবঢ়ায়। ভক্তসকলে সকলো শ্ৰেণীৰ লোকৰ মংগল কামনা কৰাৰ লগতে বিশ্বশান্তি আৰু জন কল্যাণৰ হকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।