নুমলীগড়ত হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ব্যাপক তৎপৰতা গোলাঘাট জিলা বন বিভাগৰ

 03/01/2022 - 14:56

    


নুমলীগড়ঃ নুমলীগড়ৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে।গোলাঘাট DFO ৰ আহ্বানমৰ্মে নুমলীগড়ত উপস্থিত হয় অসম চৰকাৰে গঠন কৰি দিয়া সাতজনীয়া সমিতিৰ বিষয়ববীয়াৰ এটি বিশেষ দল।দিনে-নিশাই হাতীৰ উপদ্ৰৱ অঞ্চলত মত বিনিময় আলোচনাত ব্যস্ত সমিতিৰ সদস্যসকল।

ভয়াৱহ ৰূপ ধাৰণ কৰা গোলাঘাট জিলাৰ নুমলীগড়ৰ হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পথ বিচাৰি অসম চৰকাৰৰ সাতজনীয়া সমিতিৰ সদস্য উপস্থিত হৈ এনেদৰে অঞ্চলসমূহৰ ৰাইজৰ লগত মত-বিনিময় কৰে। উল্লেখ্য যে দিনে-নিশাই একাকাৰ কৰি নুমলীগড়ৰ গাঁৱে-গাঁৱে, হাৱি-জংঘলে ঘূৰি ফুৰিছে এই সমিতিৰ সদস্য তথা বিভিন্ন NGO WTI, বন বিভাগৰ CCF, ACF আদিকে ধৰি পৰিৱেশ কৰ্মী মুৰ্বীনা আখতাৰ, কুশল শৰ্মা, কৌশিক কলিতা, দীপেন শৰ্মাকে আদি কৰি হস্তী বিশেষজ্ঞ দল।

এই দলটোৱে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে স্থানীয় ৰাইজ, সংবাদকৰ্মী সকলৰ লগত মত-বিনিময় কৰে লগতে মতামত গ্ৰহণ কৰে। বিশেষজ্ঞ দলটিয়ে যিসমূহ হাতী অহা-যোৱা কৰা দণ্ডী বৰ্তমান বেদখলৰ কবলত সেইসমূহ পুনৰ মুক্ত কৰা, বনাঞ্চল বেদখল মুক্ত কৰা আদি বিষয়ক লৈ মত-বিনিময় কৰে নুমলীগড়ৰ হাতী অধ্যুষিত অঞ্চলসমূহত। গোলাঘাট বন বিভাগৰ এইয়া এক আদৰণীয় পদক্ষেপ হাতী-মানুহৰ সংঘাত ৰোধৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।