নগাঁৱৰ কামপুৰ আৰু কঠীয়াতলীতো শিৱৰাত্ৰি পালন

 03/01/2022 - 15:57

 

কামপুৰঃ সমগ্ৰ দেশৰ লগতে আজি নগাঁও জিলাৰ কামপুৰ আৰু কঠীয়াতলী শিৱৰাত্ৰি উদযাপন কৰা হয়। কামপুৰৰ লুুটুমাৰীপাৰৰ শ্ৰী শ্ৰী লুটুমাৰীপাৰ শিৱ মন মন্দিৰত শিৱৰাত্ৰিৰ উপলক্ষে ভক্তৰ সমাগম ঘটে। কঠিয়াতলী ঐতিয্যমণ্ডিত সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাংগনত মহা শিৱৰাত্ৰি পালন কৰা হয়। পুৱাৰ ভাগৰ পৰা ভক্তই ভিৰ, কৰে পূজাস্থলীসমূহত। কঠীয়াতলীৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনা আৰু ভগবান শিৱৰ ওচৰত ভোগ দিয়াৰ লগতে আশীৰ্বাদ লয়। দঃ মন্দিৰ পৰিচালনা সমিটিয়ে এইবাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে পয্যাপ্ত পৰিমাণৰ সকলো ধৰণৰ সুবিধা আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।