হাটশিঙিমাৰী জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

 03/02/2022 - 15:37

 

দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সোমবাৰে জিলা প্ৰেছ ক্লাবৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। জিলা প্ৰেছ ক্লাবৰ কাৰ্য্যালয়ৰ দুৱাৰৰ ফিতা কাটে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ সাংবাদিক বদৰুজামান শেখ আৰু তেখেতক সহযোগিতা আগবঢ়ায় বিশিষ্ট অতিথি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ লগতে আমন্ত্ৰিত ব্যক্তিসকল।

 

কাৰ্যালয়ৰ দুৱাৰ উন্মোচন কৰাৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হয় আৰু মুকলি সভাৰ সভাপতিত্ব কৰে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা জেষ্ঠ সাংবাদিক বদৰুজামান শেখ৷ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল আৰু বিশিষ্ট অতিথি হিচাপে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জেষ্ঠ সাংবাদিক জহিৰুল ইছলাম, জেষ্ঠ সাংবাদিক ইমদাদুল ইছলাম, জেষ্ঠ সাংবাদিক আখেৰ আমিন, ফেকামাৰী উন্নয়ন খণ্ড বিষয়া তুলশি ৰঞ্জন কলিতা, জিলা কৃষি বিষয়া,শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান, অসম ছাত্ৰ পৰিষদৰ জিলা সভাপতি পাৰভেছ ইছলাম, ছাত্ৰ নেতা ৰাকিবুল আৰু জিলাখনৰ জ্যেষ্ঠ-কনিষ্ঠ প্ৰায় অৰ্ধশতাধিক সাংবাদিকৰ লগতে ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি৷

 

সাংবাদিকসকলক সমাজৰ বিভিন্ন দিশ নিজে পৰ্যবেক্ষণ কৰি সত্যনিষ্ঠ সংবাদ পৰিৱেশন কৰিবলৈ উৎসাহিত কৰাৰ লগতে হাটশিঙিমাৰী জিলা প্ৰেছ ক্লাবক গঠনমূলক পৰামৰ্শ আগবঢ়ায় জেষ্ঠ সাংবাদিক বদৰুজামান শেখে৷ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে সাংবাদিক সকলোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত সাংবাদিকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেইখিনিও আলোচনা কৰা পৰিলক্ষিত হয়৷ আনহাতে সভাত উপস্থিত গণ্যমান্য ব্যক্তিসকলেও হাটশিঙিমাৰী জিলা প্ৰেছ ক্লাবক গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।