মিৰ্জা: মহাবাহু ব্ৰহ্মপুত্ৰলৈ ভাবুকি কঢ়িয়াইছে উদ্যোগৰ আৱৰ্জনাই। গোপনে ট্ৰাকে ট্ৰাকে আৱৰ্জনা পেলাই থৈ গ'ল ব্ৰহ্মপুত্ৰত। এইয়া পলাশবাৰী পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ড সদিলাপুৰৰ ব্ৰহ্মপুত্ৰৰ দৃশ্য। কিদৰে দমে দমে পৰি আছে প্লাষ্টিক আৱৰ্জনা। জানিব পৰা মতে আজি কিছুদিন ধৰি ট্ৰাকে ট্ৰাকে প্লাষ্টিক আৱৰ্জনা গুৱাহাটী লালুং গাঁওস্থিত MERI-CO-LTD নামৰ কোম্পানীটোৱে গোপনে স্থানীয় দুজনমান যুৱকক কেইটামান টকাৰ লোভ দেখুৱাই পেলাই যায় এই আৱৰ্জনাবোৰ।
চৰকাৰী নীতি-বহিৰ্ভূতভাৱে এই বৃহৎ বৃহৎ উদ্যোগবোৰে এনেদৰে নিজৰ মইমতালিৰে কিদৰে মহাবাহু ব্ৰহ্মপুত্ৰত প্লাষ্টিক আৱৰ্জনা পেলাবলৈ সাহস পালে সেইটোও এতিয়া ৰহস্যৰ আৱৰ্তত। উল্লেখ্য যে মাত্ৰ কেই কিলোমিটাৰমান দূৰত্বত আছে পলাশবাৰী পৌৰসভাৰ স্থায়ী কাৰ্যালয় আৰু পলাশবাৰী নগৰ আৰক্ষী।
এই সম্পৰ্কত দুয়োটা বিভাগেই অৱগত নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।