নগৰবেৰাৰ হেকৰাত দুটাকৈ মন্দিৰত চোৰৰ চাফাই অভিযান

 03/03/2022 - 17:16

 

নগৰবেৰাঃ নগৰবেৰাৰ হেকৰাত চাঞ্চল্য। চোৰে দুটাকৈ মন্দিৰত চলালে চাফাই অভিযান। মন্দিৰা আৰক্ষী চকীৰ অধীনস্থ ক্ৰমে হেকৰা শিৱ মন্দিৰ আৰু শ্ৰীশ্ৰী বাঘেশ্বৰী মন্দিৰত নিশা চোৰে চলালে লুটপাত। দুৱাৰৰ তলা ভাঙি মন্দিৰত ব্যৱহৃত মূল্যৱান বাচন-বৰ্তনকে আদি কৰি বিভিন্ন সামগ্ৰী লুটি নিলে চোৰে। পুৱা পূজাৰীয়ে চাকি জ্বলাবলৈ গৈ প্ৰত্যক্ষ কৰে এই তাণ্ডৱ। বনজুইৰ দৰে বিয়পি পৰে একেলগে দুটাকৈ মন্দিৰ চুৰিৰ খৱৰ। বহুলোকৰ সমাগম ঘটে মন্দিৰ চৌহদত আৰু খৱৰ কৰা হয় আৰক্ষীক। সম্প্ৰতি চোৰে তলি উদং কৰা দুয়োটা মন্দিৰ প্ৰাঙ্গণত চলিছে আৰক্ষীৰ জোৰদাৰ অনুসন্ধান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।