বটদ্ৰৱাৰ আইভেটিৰ ঐতিহাসিক আইলক্ষী থানত এইবাৰ চোৰৰ তাণ্ডৱ

 03/03/2022 - 18:08

 


বটদ্ৰৱাঃ ১৬৫৭ খ্ৰীষ্টাব্দত গুৰুজনাৰ নাতিবোৱাৰী আইকনকলতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে আইলক্ষী থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবেও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। আজি আইলক্ষী থানৰ লগতে বটদ্ৰৱাৰ দাঁতিকাষৰীয়া অঞ্চলটোত থকা আন দহটা নামঘৰতো চোৰে তাণ্ডৱ চলাই। প্ৰকাশ থাকে যে যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰৰ নিশা মহাশিৱৰাত্ৰি উদযাপনক লৈ একাংশলোক ব্যস্ত থকাৰ সময়তে চোৰে ৰাইদঙীয়াৰ ৩০ টা নামঘৰত লুটপাত কৰি নিছিল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। বটদ্ৰৱাৰ ঐতিহাসিক আইলক্ষী থানত ৫ কেজিৰ অধিক সোণ মজুত থকাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে জনাইছে। নগাঁও আৰক্ষীয়ে স্নীফাৰ দগৰ জৰিয়তে তদন্ত কৰিব বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ চোৰে বটদ্ৰৱাৰ সত্ৰ নামঘৰ ইত্যাদিত থকা অৰিহণাৰ বাকচ আৰু কাঁহ পিতলৰ মূল্যৱান সামগ্ৰী, সোণ-ৰূপৰ ফুল লক্ষ্য কৰি লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।