ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে

 06/07/2019 - 18:49

ডিজিটেল ডেস্ক: প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত প্ৰাক্তন সেনা বিষয়াজনৰ জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে। উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল প্ৰাক্তন সেনা বিষয়াজন।

গোচৰ সন্দৰ্ভত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ মন্ত্রালয়, প্ৰতিৰক্ষা মন্ত্রালয়ৰ লগতে ৰাজ্য চৰকাৰ, এনআৰচি কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।