03/07/2022 - 13:43
in
নিউজ ডেস্কঃ মাৰ্ঘেৰিটাত পৌৰ সভা নিৰ্বাচনৰ খবৰ ল’বলৈ আহি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মন্তব্য কৰিলে। অসম বিধানসভা বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া অভাৱ ঘটিছে সাংবাদিকৰ প্ৰশ্নৰো। মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেল পথাৰত উপস্থিত হোৱা ডিব্ৰুগড় সমষ্টিৰ বিজেপি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দাবী কৰে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পৌৰ সভাই গঠন কৰিব বিজেপিয়ে। তেলীয়ে লগতে কয় যে বৰ্তমান বিৰোধী ইমানেই দুৰ্বল হৈ পৰিছে যে সমৰ্থকৰ অভাৱত পৌৰ সভাৰ নিৰ্বাচনত বহু অঞ্চলত প্ৰচাৰ চলাবলৈকে সক্ষম নহ’ল। বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া সাংবাদিকৰো প্ৰশ্নৰ অভাৱ ঘটিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।