গণেশগুৰিৰ হোটেলত উদ্ধাৰ উঁৱলি যোৱা মৃতদেহ

 06/07/2019 - 19:07

গুৱাহাটীঃ মহানগৰীত চাঞ্চল্যকৰ ঘটনা৷ গণেশগুৰিৰ নতুন কোঠালী নামৰ হোটেলখনত আজি উদ্ধাৰ হৈছে এটা উঁৱলি যোৱা মৃতদেহ৷ মৃতদেহটো যোৰহাটৰ জিতুমণি দাস নামৰ ব্যক্তি এজনৰ বুলি চিনাক্ত কৰা হৈছে৷

বৃহস্পতিবাৰে ‘নতুন কোঠালী’ৰ ১০ নং কোঠাটো বুক কৰিছিল দাসে৷ এই কোঠাতেই উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ৷

ব্যক্তিজনৰ মৃত্যু কেতিয়া হ’ল সেয়া জানিব পৰা হোৱা নাই৷ সমগ্ৰ হোটেলখনতে দুৰ্গন্ধ বিয়পি যোৱাত এই কথা পোহৰলৈ আহে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ফৰেনছিক লেবৰ’টৰীলৈ প্ৰেৰণ কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।