ধুবুৰীত ওমৰা হজযাত্ৰীৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

 03/07/2022 - 19:41

 

 

গৌৰীপুৰঃ আজি দিনজোৰা কাৰ্যসূচীৰে ধুবুৰীৰ দক্ষিণ কলেজ নগৰ জামে মছজিদ প্ৰাংগনত  ৮৫ গৰাকী ওমৰা হজযাত্ৰীক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিয়ে অভিজ্ঞ প্ৰশিক্ষক আমজাদ আলী সেখে। ইউৰো চাৰ্ভিছৰ অধীনত ৮৫ গৰাকীকৈ ওমৰা হজযাত্ৰীক প্ৰশিক্ষণ দিয়ে অভিজ্ঞ প্ৰশিক্ষক আমজাদ আলী সেখৰ লগতে  তেওঁৰ সহযোগী প্ৰশিক্ষকসকলে।  প্ৰশিক্ষণ শিবিৰখনত ,ওমৰা হজযাত্ৰীয়ে,উৰা জাহাজত ল’বলগা সাৱধানতা, আৰবৰ শিষ্টাচাৰ,খোৱা-বোৱা,আদিৰ লগতে শুদ্ধভাৱে হজ কৰাৰ সকলো দিশ সামৰি প্ৰশিক্ষণ দিয়া হয়। এই ৮৫ জনীয়া ওমৰা হজযাত্ৰীৰ দলটোক লৈ  বিশিষ্ট প্ৰশিক্ষক গৰাকীয়ে অহা ১২ মাৰ্চত গুৱাহাটীৰ পৰা ফ্লাইত যোগে দিল্লী হৈ আৰব দেশলৈ উৰা মাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।