জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ চেঙামাৰীত আজি (সোমবাৰে) ১ কোটি ২৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বালিজুৰি আৰু চেঙামাৰী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চেঙামাৰীত এখন চিকিৎসালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছিল আৰু সেই ঘোষণা অনুসৰিয়েই আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই চেঙামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে ৷ আধাৰশিলা স্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- এতিয়াৰে পৰা এই অঞ্চলৰ ৰাইজৰ চিকিৎসা সেৱাৰ সমস্যা দূৰ হ’ব ৷ এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ জৰিয়তে সকলোশ্ৰেণীৰ ৰাইজে জৰুৰী সেৱা লাভ কৰিব পাৰিব ৷ আধাৰশিলা অনুষ্ঠানটিত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাৰ লগতে পঞ্চায়তৰ কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰে ৷