03/08/2022 - 18:38
in
নগৰবেৰাঃ নগৰবেৰাত মঙলবাৰে নিখিল ভাৰত মহিলা সংস্থাৰ সদস্যা সকলে ৰাজপথেৰে এক প্ৰতিবাদী সমদল উলিয়াই স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। হাতে-হাতে দাবী সম্বলিত বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদী শ্ল’গানেৰে কৰা শোভাযাত্ৰাৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ ১৭ দফীয়া দাবীৰ স্মাৰকপত্ৰ দাখিল কৰে সংস্থাৰ কৰ্মকৰ্তাসকলে। বৃহত্তৰ নগৰবেৰা অঞ্চলত বিগত ন-মাহে বঞ্চিত হৈ থকা খাদ্য সুৰক্ষা সামগ্ৰীৰ নিয়মীয়া যোগান, মহিলাৰ স্বাস্থ্য, শিক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰা আদিবোৰ বিষয় উল্লেখ কৰা হয় স্মাৰকপত্ৰ খনত। এই প্ৰতিবাদী শোভাযাত্ৰাত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলাই ভাগ লয়। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই নাৰীৰ এই প্ৰতিবাদ তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য সচেতন ৰাইজৰ।