যোৰহাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত ওলমিল বৰতলা

 06/07/2019 - 19:49

যোৰহাটঃ জাতিৰ প্ৰতি দায়বদ্ধ হয়নে অসমৰ দল-সংগঠনবোৰ? এই ৭০ টা দল-সংগঠনে প্ৰকৃততে কি বিচাৰে ? অসমৰ এটা প্ৰচাৰ বহুল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । যোৰহাটস্থিত এই যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত শুক্ৰবাৰে লাগিল অথন্তৰ। জিলা প্ৰশাসনে আহি ছীল কৰিলে এই কাৰ্যালয়টো।

ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জিলা প্ৰশাসন আৰু যুৱ ছাত্ৰ পৰিষদ সংগঠনৰ মাজত। দৰাচলতে প্ৰকৃত সত্যটো হল এতিয়া খুদ দল-সংগঠনৰ মাজতেই মেলিছে ফাঁট। দল সংগঠনৰ কৰ্মীৰ মাজত নাই সমিলমিল। যাৰফলত এই কাৰ্য্যালয়টোক লৈ সৃষ্টি হল তীব্র বাক-বিতণ্ডাৰ । যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মীয়ে দাবী কৰিলে কাৰ্যালয়টো তেওঁলোকৰ। ইয়াৰ ফলত সৃষ্টি হোৱা তৰ্কৰ বাবেই অৱশেষত জিলা প্ৰশাসনে কাৰ্যালয়টোত ওলমালে বৰতলা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।