জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও একাদেমীত আজি নীতি আয়োগ ভাৰত চৰকাৰৰ অধিনত অটল টিংকাৰিং ৰবটিক লেৱৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলক আধুনিক বিজ্ঞান সন্মত শিক্ষা প্ৰদানৰ সুবিধাৰ্থে নিৰ্মিত ভৱনটি বিধায়ক গৰাকীয়ে ৰঙাফিটা কাটি দ্বাৰ উন্মোচন কৰি দিয়া ভাষন প্ৰসংগত কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি আমি ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰিব লাগে৷ এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ৰবটিক বিজ্ঞানৰ ধাৰণা দিয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে চৰকাৰৰ নীতি আয়োগৰ তৰফৰ পৰা আগবঢ়োৱা ২০ লাখ টকা ব্যয়ৰে নিৰ্মিত বিজ্ঞান ভৱন শুভ উদ্বোধন কৰি মই আনন্দিত৷ বিজ্ঞান শিক্ষৰ বাবে নিয়োগ কৰা শিক্ষক দুগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত শিক্ষা দান কৰিব বুলি মই আশাবাদী বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে৷ ইয়াৰ পিছতে বিদ্যালয় খনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এক সভাত বিধায়য়ক পদ্ম হাজৰিকাৰ সৈতে অংশগ্ৰহণ কৰে প্ৰধান শিক্ষক আশোক কুমাৰ দাহাল পৰিছালনা সমিতৰ সভানেত্ৰী ৰূপালী বৰা শিক্ষক সমাজকৰ্মী নিতুমনি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী বৃন্দই৷