প্ৰধানমন্ত্ৰী 'বন ধন' যোজনাৰ অধিনত কঠীয়াতলী কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ

 03/10/2022 - 16:47

 

 

কামপুৰঃ প্ৰধানমন্ত্ৰী 'বন ধন' বিকাশ যোজনাৰ অধিনত আৰু গুৱাহাটীৰ ইণ্ডিয়ান ইন্সটিটিউট অব ইনটাৰপেনাচিপৰ সহযোগত নগাঁও জিলাৰ নামবৰ লালুং গাঁৱত অৱস্থিত  কঠীয়াতলী বন ধন বিকাশ কেন্দ্ৰত কঠীয়াতলী অঞ্চলৰ ৩০টা জনজাতীয় মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হয়। জানিব পৰা মতে বিগত ৬টা মাহ ধৰি  উক্ত প্ৰশিক্ষণ শিবিৰত মহিলাসকলক বনৰ পৰা আহৰন কৰা কেচা খাদ্য সামগ্ৰীৰে কিদৰে  থলোৱা খাদ্য উৎপাদন কৰি বজাৰত বিক্ৰি ৰে স্বাভালাম্বীতাৰ দিশত মহিলা সকল আগবাঢ়ি যাব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। উল্লেখ যে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ তত্ত্বাবধানত ৰাঙলু সুতাৰ গাওঁ কন্দলী আৰু কঠীয়াতলীৰ তিনিতা স্থানত বন ধন  বিকাশ কেন্দ্ৰ নামেৰে তিনিটা কেন্দ্ৰ ইতিমধ্যে স্থাপন হোৱা পৰিলক্ষিত হৈছে। আজি উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰ ৰ সভানেত্ৰী বন্দিতা বৰা, প্ৰশিক্ষক ঝনা মেধী, সম্বনয়ক আজাদ উল্লাহৰ লগতে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।