জামুগুৰিহাটঃ জামুগুৰিহাটৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি (বৃহস্পতিবাৰে) তিনিখনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা কামৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকী পুৱাই উপস্থিত হৈ বিদ্যালয়খনিৰ সন্মুখত প্ৰাক্তন অধ্যক্ষ প্ৰয়াত নিৰ্মল চন্দ্ৰ শইকীয়াৰ সোৱঁৰণত পৰিয়াল বৰ্গই তিনিলাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন তোঁৰন উদ্বোধন কৰে ৷ ইয়াৰ পাচতেই বিধায়ক গৰাকীয়ে বিদ্যালয়খনত এটি অত্যাধুনিক বিজ্ঞান সন্মত অটল টিংকাৰিং ৰবটিক লেব আৰু এটা আধুনিক তথা বিজ্ঞান সন্মত স্মাৰ্ট টয়লেটৰ শুভ উদ্বোধন কৰে ৷
ইয়াৰ পিছতে বিদ্যালয় খনিৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিত অধ্যক্ষ জীৱন বৰাৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি দিয়া ভাষন প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে অসম চৰকাৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে ঘোষণা কৰাৰ অন্তত চৰকাৰে বিদ্যাল খনৰ আন্তঃগাঠনিৰ বাবে তিনিকোটি টকা আৱণ্টন দিছে৷ বিদ্যালয় কৰ্তৃপক্ষই এইসমূহ ধনৰ সদব্যৱহাৰ কৰিব লাগিব৷ চৰকাৰৰ নীতি আয়োগৰ জৰিয়তে আৱন্তিত ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অটল টিংকাৰিং ৰবটিক লেৱটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আধুনিক বিজ্ঞানসন্মত শিক্ষা দান কৰি বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক৷ বিদ্যালয় খনিৰ জ্যেষ্ঠ শিক্ষক নিতুমনি বৰাই আঁত ধৰা সভাত পৰিচালনা সমিটিৰ সভাপতি সদানন্দ নাথ, প্ৰাক্তন অধ্যক্ষ জনাৰ্দন ভূঞা,তোৰনৰ দাতা মনিমালা শইকীয়া আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷