মাৰ্ঘেৰিটাত ড্ৰাগছ বিৰোধী অভিযানঃ ড্ৰাগছসহ দুজনক আটক

 03/10/2022 - 18:58

 

মাৰ্ঘেৰিটাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ পাছতেই, ৰাজ্যজুৰি অসম আৰক্ষী কঠোৰ হোৱাৰ লগতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।  ঠিক তেনে সময়তে আজি মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া প্ৰাৰ্থ প্ৰতিম দাস আৰু মাৰ্ঘেৰিটাৰ আৰক্ষী অধীক্ষক ৰাজশ্ৰী বুঢ়াগোঁহাইৰ নেতৃত্বত এটা দলে অভিযান অভিযানত মাৰ্ঘেৰিটাৰ নামডাং কলীয়ৰীৰ সমীপৰ নিবাসী ৰাজশ্ৰী দলে  আৰু ৰণি তামাং নামৰ ব্যক্তি দুজনে ড্ৰাগ বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰে। অভিযান কালত ২২.৪৯ গ্ৰাম  ড্ৰাগছসহ দুখন কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা আৰক্ষীয়ে অবৈধ ড্ৰাগছ ব্যৱসায় লগত জড়িত  যুৱক দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লগতে অধিক তথ্য উদঘাটনৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।