১৬ মাৰ্চত শপত গ্ৰহণ, ভগৱন্ত মানে আশিস ল’লে কেজৰিৱালৰ

 03/12/2022 - 13:53

 


নিউজ ডেস্কঃ নিৰ্বাচনী ফলাফলত অভূতপূৰ্ব বিজয়ৰ পাছত পঞ্জাবৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানে দলৰ বিধায়কসকলৰ এক বৈঠকত মিলিত হয়৷ ভগৱন্ত মানক কালি পঞ্জাব বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়৷ আম আদমী পাৰ্টীৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন বৈঠকত অংশ লৈ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিধায়কসকলক উদ্দেশ্যি কয়, ৰাজধানী চণ্ডিগড়ত নহয়, আপোনাৰ সমষ্টিত সৰ্বাধিক সময় অতিবাহিত কৰক৷

 

তেওঁ লগতে কয়, আমি ভোট বিচাৰি যোৱা সেই সকলো ঠাইৰ বাবে কাম কৰিব লাগিব। সকলো বিধায়কে তেওঁলোক নিৰ্বাচিত হোৱা অঞ্চলবোৰত কাম কৰিব লাগিব৷ কেৱল চণ্ডিগড়ত থাকিলেই নহ’ব৷ তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ উপৰিও আমাৰ ১৭জন কেবিনেট মন্ত্ৰী থাকিব পাৰে। কোনেও বিচলিত হব নালাগে। আপোনালোক প্ৰতিজনেই কেবিনেট মন্ত্ৰী৷ পঞ্জাব বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পাছত ভগৱন্ত মানে কালি নতুন দিল্লীত দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে আৰু আশীৰ্বাদ বিচাৰে৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানলৈও আমন্ত্ৰণ জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।